উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ সফলতাৰে নেতৃত্ব দি উৎখাত কৰাৰ পিছত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দে আজি আন এক পৰীক্ষাৰ সন্মুখীন হ’ব। সোমবাৰে মহাৰাষ্ট্ৰৰ বিধান সভাত আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব একনাথ সিন্দেই। দেওবাৰে তেওঁৰ প্ৰথম পৰীক্ষা আছিল। বিধানসভাৰ দুদিনীয়া বিশেষ অধিবেশনত বিজেপিৰ ৰাহুল নাৰ্ভেকাৰ অধ্যক্ষৰূপে নিৰ্বাচিত হোৱাটো সিন্দেৰ ডাঙৰ জয়লাভ আছিল।
একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনা-বিজেপি চৰকাৰে বিশেষ বিধানসভা অধিৱেশনৰ আজি অৰ্থাৎ দ্বিতীয় দিনা আস্থা ভোটৰ সন্মুখীন হ’ব। ইয়াৰ পূৰ্বে অৱশ্যে একনাথ সিন্দে নেতৃত্বাধীন ফৈদে বিধানসভাত নাৰভেকাৰক অধ্যক্ষৰূপে বিজয়ী কৰোৱাত সফল হয়। প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে সমৰ্থিত প্ৰাৰ্থী ৰাজন ছালৱী আছিল নাৰভেকাৰৰ বিৰুদ্ধে। প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা নাৰ্ভেকাৰ হৈছে দেশৰ সৰ্বকনিষ্ঠ বিধানসভাৰ অধ্যক্ষ।
অৱশ্যে বিদ্ৰোহী ৩৯গৰাকী শিৱ সেনা বিধায়কৰ সৈতে সিন্দে শিবিৰত ইতিমধ্যে ১৭০ জনৰো অধিক বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰি আহিছে একনাথ সিন্দেই।