আজি সন্ধিয়া একনাথ সিন্দে মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। দেৱেন্দ্ৰ ফাৰনবিছে কয় যে তেওঁ চৰকাৰৰ বাহিৰত থাকিব। আজি সন্ধিয়া ৭.৩০ বজাত কেৱল একনাথ সিন্দেই শপত গ্ৰহণ কৰিব।
বিজেপি নেতা দেৱেন্দ্ৰ ফাৰনবিছে কয় যে, মহাৰাষ্ট্রৰ জনতাই মহাবিকাশ অঘাৰীক সংখ্যাগৰিষ্ঠতা দিছিল। নিৰ্বাচনৰ পিছত বিজেপিৰ সংখ্যাগৰিষ্ঠ আছিল। বিজেপি–শিৱসেনাই মিত্ৰজোঁট হৈ নিৰ্বাচন খেলিছিল, কিন্তু শিৱসেনাই কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিলি চৰকাৰ গঠন কৰে। ফাৰনবিছে লগতে কয়, মহাৰাষ্ট্রৰ ইতিহাসত প্ৰথমবাৰলৈ এনেকুৱা হৈছে যে চৰকাৰৰ দুগৰাকী মন্ত্ৰী জে’লত আছে। ইয়াৰ পূৰ্বে কেতিয়াও এনে হোৱা নাছিল। বালাছাহেবে সদায় ডাউদ ইব্ৰাহিমৰ বিৰোধিতা কৰিছিল, কিন্তু উদ্ধৱ থাকৰেৰ চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ ডাউদৰ সৈতে সম্পৰ্ক আছিল। জে’ললৈ যোৱাৰ পিছতো তেওঁক মন্ত্ৰীপদৰ পৰা আঁতৰোৱা নাছিল। এয়া বালাছাহেবৰ অপমান।
একনাথ সিন্দেই কয় যে, মহাৰাষ্ট্রৰ বিকাশৰ বাবে আমি একলগে আহিছো। আমি মহাবিকাশ অঘাৰী চৰকাৰত কাম কৰাত সমস্যা পাইছিলো। এই সন্দৰ্ভত আমি উদ্ধৱ থাকৰেক কৈছিলো। আমি নিজৰ পক্ষ বুজাবলৈ চেষ্টা কৰিছিলো। বিজেপিৰ সৈতে আমাৰ মিত্ৰজোঁট আছিল। আমি বালাছাহেব থাকৰেৰ ভাৱনাক লৈ আগবঢ়াত চৰকাৰৰ ফালৰ পৰা শেষত হিন্দুত্বক লৈ কিছু সিদ্ধান্ত লোৱা হয়।