ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ড০ মানিক সাহাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ। ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ চিপিআই(এম) ৰ সচিব জীতেন্দ্ৰ চৌধুৰীয়ে এই অভিযোগ দাখিল কৰিছে। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে মুখ্যমন্ত্ৰীলৈ জাননী জাৰি কৰিছে।
উল্লেখ্য যে, উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনৰ তিনিখন জিলাসহ ৪ টাকৈ সমষ্টিত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ আছে। এনে সময়তে শেহতীয়াকৈ উত্তৰ ত্ৰিপুৰা জিলা আৰু ধলাই জিলা ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই। কিন্তু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই ভ্ৰমণৰ সময়ত নিৰ্বাচনী প্ৰচাৰৰ লগতে চৰকাৰী কামৰ পৰ্যালোচনা কৰাৰ অভিযোগ উঠিছে। চিপিআইএমৰ নেতাগৰাকীয়ে অভিযোগ কৰা মতে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা স্থানত নিৰ্বাচনী প্ৰচাৰৰ লগতে চৰকাৰী কামৰ পৰ্যালোচনা কৰিছে।
নিৰ্বাচন আয়োগৰ নীতি অনুসৰি, কোনো ৰাজ্যিক বা কেন্দ্ৰীয় মন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকা স্থানত ভ্ৰমণৰ সময়ত চৰকাৰী আৰু নিৰ্বাচনী কাম সম্পন্ন কৰিব নোৱাৰিব। আনহাতে তেওঁলোকে চৰকাৰী বাহন কেৱল বাসগৃহৰ পৰা মুখ্য কাৰ্যালয়লৈ চৰকাৰী কামৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব, নিৰ্বাচনী প্ৰচাৰ বা দলীয় কাৰ্যালয়লৈ যাবলৈ ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগৰ নিয়ম উলংঘনৰ অভিযোগ কৰিছে চিপিআইএমৰ নেতাগৰাকীয়ে। আনহাতে এই অভিযোগ উত্থাপন কৰাৰা পাছতে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰীলৈ কাৰন দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ লগতে পৰৱৰ্তী তিনি দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈও তেওঁক নিৰ্দেশ দিয়া হৈছে ।