মণিপুৰ, উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱা বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত নির্বাচন আয়োগৰ নিষেধাজ্ঞা অৱ্যাহত আছে৷ সোমবাৰে আয়োগৰ তৰফৰ পৰা পুনৰ ঘোষণা কৰা হৈছে যে এতিয়াই ৰাজ্যকেইখনৰ নির্বাচনী প্রচাৰত জনসভা অনুষ্ঠিত কৰিব পৰা নাযাব৷ ক’ভিড মহামাৰীৰ বাবে নিৰ্বাচনী প্রচাৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল নির্বাচন আয়োগে৷ বৰ্তমান ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিলেও এতিয়াই জনসমাগম অনুষ্ঠিত কৰাৰ ক্ষেত্রত অনুমতি দিব বিচৰা নাই আয়োগে৷ নির্বাচন আয়োগৰ তৰফৰ পৰা আগন্তুক ১১ ফেব্রুৱাৰী পর্যন্ত প্রচাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷
অৱশ্যে এই নিষেধাজ্ঞা যথেষ্ট শিথিল কৰিছে আয়োগে৷ পূর্বে ৫০০ লোকক লৈ সমাৱেশ বা সভা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছিল৷ এতিয়া এনে সভাত সর্বাধিক ১,০০০ লোকে অংশগ্রহণ কৰিব পাৰিব৷ ঘৰে ঘৰে গৈ প্রচাৰ চলোৱাৰ সময়ত একেলগে বিশজন লোকক সমৱেত হোৱাৰ অনুমতি দিয়া হৈছে৷ ৰাজনৈতিক দলবোৰৰ আভ্যন্তৰীণ বৈঠকত ৫০০জন লোকে অংশগ্রহণ কৰিব পাৰিব৷ কিন্তু বিশাল জনসভা অনুষ্ঠিত কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা পূর্বৰ দৰে বাহাল থাকিব বুলি মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রাই ঘোষণা কৰিছে৷