অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ ফলত স্বাভাৱিকতে অসন্তুষ্ট ৰাজ্যৰ সাধাৰণ জনতা। পিছে এই সন্দৰ্ভত শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, ৫৯ পইচাৰ পৰিৱৰ্তে প্ৰতি ইউনিট বিদ্যুতৰ মাচুলত বাঢ়িব লাগিছিল ২ টকাৰো অধিক। বুধবাৰে নৱ গঠিত বজালী জিলাৰ উন্নয়নৰ খতিয়ান ল’বলৈ পাঠশালাত উপস্থিত হোৱা অভিভাৱক মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়াই।
মন্ত্ৰীগৰাকীয়ে যুক্তি দিয়ে যে, ক’ৰোনাৰ বাবে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল। এনে সময়ত ৫৯ পইচা নহয়, বাঢ়িব লাগিছিল প্ৰতি ইউনিটত ২ টকা বা তাতকৈ অধিক। ইফালে ৰাজ্যসভা নিৰ্বাচনৰ সন্দৰ্ভত বিমল বৰাই কয় যে ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিব। বিৰোধী বহু বিধায়কে বিজেপিক ভোট দিব। ইতিমধ্যে কেইবাগৰাকীও বিৰোধী বিধায়কে আস্থা প্ৰকাশ কৰিছে।