অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিদ্যুতৰ মাচুলক লৈ ইতিমধ্যে ছচিয়েল মিডিয়াত বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। চলিত মাহত পূৰ্বতকৈও প্ৰায় দুই-তিনিগুণ অধিক হাৰত আহিছে বিদ্যুতৰ বিল অহাক লৈ ব্যাপক চৰ্চা চলি থকাৰ মাজতে আজি বিধানসভাতো উত্থাপন হয় বিদ্যুৎ মাচুল বৃদ্ধিৰ বিষয়।
বিদ্যুৎ মাচুল বৃদ্ধি সম্পৰ্কত আজি গধূলি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ সৈতে বৈঠকত বহিব বিভাগীয় লোকসকল। নতুন ডিজিটেল মিটাৰ ব্যৱহাৰৰ পিছতে বিদ্যুতৰ মাচুল বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে উপভোক্তাৰ মাজত।
আনহাতে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ আজি মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘‘চৰকাৰী চাকৰিয়ালৰ প্ৰতিমাহে দৰমহা বঢ়াৰ দৰে বিদ্যুৎ মাচুল বঢ়াতো বিশেষ একো ডাঙৰ কথা নহয়। প্ৰতিমাহে ২০০–৩০০ টকাকৈ বৃদ্ধি পাই দৰমহা। গতিকে নিয়মমাফিক বিদ্যুৎ মাচুল বাঢ়িবই, বেছি বাঢ়িলে আমি ব্যৱস্থা ল’ম।’’