প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসত বুধবাৰৰ পৰা কৰ্তন কৰা হৈছে বিজুলী সেৱাৰ লগতে পানী যোগনা সেৱা। উল্লেখ্য যে, বাৰম্বাৰ বিধানসভাৰ সচিবালয়ে ঘৰ খালী কৰিবৰ বাবে জাননী দিয়াৰ পিছতো ঘৰ খালী নকৰাৰ বাবে কৰ্তন কৰা হয় এই বিজুলী আৰু পানী যোগান সেৱা।
মহন্তৰ নামত নতুনকৈ আবণ্টন দিয়া হৈছে ৫ আৰু ৬ নং দুটা আৱাস৷ নতুনকৈ আবণ্টিত আৱাসলৈ স্থানান্তৰিত হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী৷ উল্লেখ্য, ৫৪, ৫৮ আৰু ৬৩নং বিধায়ক আৱাসক একত্ৰিত কৰি মহন্ত আছে দিছপুৰত।