বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্রফুল্ল মহন্তৰ দেহাৱসান। GMCHত শেষ নিশ্বাস ত্যাগ কৰে ড০ মহন্তই। শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২.৫০ মান বজাত শেষ নিশ্বাস কৰে মহন্তই। মৃত্যুৰ সময়ত মহন্তৰ বয়স আছিল প্ৰায় ৮২ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ আছিল লেখক, সাহিত্যিকগৰাকী। মৰণোত্তৰভাৱে দেহ দান কৰি গৈছে মহন্তই। বিশিষ্ট সমাজ বিজ্ঞানী তথা চিন্তাবিদ গৰাকীৰ জন্ম হৈছিল ১৯৪১ চনত। নগাঁৱৰ জাজৰিত জন্ম গ্ৰহণ কৰা ড০ মহন্তৰ শিক্ষাবিদ হিচাপেও আন এক পৰিচয় আছে। এসময়ত আনন্দৰাম বৰুৱা ভাষা, কলা-সংস্কৃতি সন্থাৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰা ড০ প্ৰফুল্ল মহন্তৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল ”অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস”।
ইয়াৰোপৰি জনগোষ্ঠীয় চেতনা, অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ, বড়ো ভূমিৰ উচুপনি আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। অসমৰ জনগোষ্ঠীয় সংঘাত আৰু সমস্যাক লৈ শ্ৰেণীবদ্ধ গৱেষণা কৰাৰ লগতে সমাজ বিজ্ঞানীৰ দৃষ্টিৰে অসমৰ জাতীয়তাবাদক লৈ প্ৰণালীবদ্ধ অধ্যয়ন কৰি গৈছে মহন্তই।