যুদ্ধ শেষ কৰিব বিচাৰিছে ৰাছিয়াই! কিন্তু, যুদ্ধ শেষ কৰিবৰ বাবে ইউক্ৰেইনক ৩টা বিশেষ চৰ্ত দিছে ৰাছিয়াই। ইউক্ৰেইনে এই চৰ্তকেইটা যদিহে মানি লয়, তেন্তে যুদ্ধখন হয়তো ইমানতে অন্ত পৰিব। কিন্তু ইউক্ৰেইন সেনা আৰু চৰকাৰৰ বৰ্তমানৰ স্থিতিলৈ লক্ষ্য ৰাখি এই চৰ্তসমূহ মানি লোৱাৰ আশা যথেষ্ট কম।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সন্মুখত ৰখা তিনিটা চৰ্তৰ প্ৰথমটো চৰ্ত হৈছে- ইউক্ৰেইনে পাৰমাণৱিক শক্তি ৰাখিব নালাগিব। দ্বিতীয়তে,ক্ৰিমিয়াক ৰাছিয়াৰ অংগ ৰাজ্য হিচাপে ঘোষণা কৰা আৰু তৃতীয়তে পূৰ্ব ইউক্ৰেইনৰ অলগাঁৱবাদী ক্ষেত্ৰসমূহ ৰাছিয়াক গতাই দিয়া।
আজি দুয়োখন দেশৰ মাজত তৃতীয় লানি বৈঠকৰ আগত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ এই চৰ্তই আলোচনাখনি বুমেৰাং হব পাৰে বুলি সকলোৱে শংকা কৰিছে। কিয়নো এই দাবীসমূহৰ বাবেই দুবাৰকৈ আলোচনাত বহাৰ পাছতো ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ শাম কটা নাই।