ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই পোহৰলৈ আহিছে যুদ্ধৰ অৱসান ঘটিব পৰা এটা ভাল খবৰ। ৰাছিয়াৰ লগত আলোচনাত মিলিত হ’বলৈ সন্মত হ’ল ইউক্ৰেইন।
বেলাৰুচত আলোচনা কৰাৰ বাবে ৰাছিয়াই প্ৰেৰণ কৰা প্ৰস্তাৱ স্বীকাৰ কৰিছে ইউক্ৰেইনে। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেস্কীয়ে আলোচনাৰ বাবে মান্তি হোৱা নাছিল। তেওঁ কৈছিল যে আক্ৰমণ কৰা দেশ এখনৰ লগত আলোচনা কেনেকৈ হ’ব।
উল্লেখ্য যে, বেলাৰুচ ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু তেওঁলোকে ৰাছিয়াক সমৰ্থন কৰে। পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ লগতে বালাৰুচৰ ওপৰতো বহু নিষেধাজ্ঞা জাৰি কৰিছে। সেইবাবে ইউক্ৰেইনে তুৰ্কী, পোলেন্ড বা অন্য দেশত আলোচনা কৰিব বিচাৰিছিল যদিও ৰাছিয়া মান্তি নহ’ল, লগতে আলোচনাৰ বিকল্প শেষ কৰিব বিচাৰিছে বুলি ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত অভিযোগ উত্থাপিত কৰিছিল।