অসমীয়া ভাষা ধ্বংসৰ গৰাহত!
অসমৰ ১২৬ টা সমষ্টিৰ প্ৰত্যেকটো সমষ্টিতেই স্থাপন কৰা হ’ব এখনকৈ ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয়। আজি বিধানসভাত এই কথা উত্থাপন কৰে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীৰ এই সিদ্ধান্তই হতচকিত কৰি তুলিছে সচেতন ৰাইজক।
কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়া বিষয়ৰ কাকত বাধ্যতামূলক নহব বুলি ঘোষণা কৰাৰ পিছতে আজি শিক্ষামন্ত্ৰীৰ ইৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ কৰা ঘোষণা কৰাত সৰ্বত্ৰ চৰ্চিত হৈ পৰিছে বিষয়টো।
এই চৰকাৰখন অসমীয়া ভাষা বিদ্বেষী নেকি বুলিও বহুজনে প্ৰশ্ন তুলিছে।