২৮ ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ প্ৰতিঘৰ পৰিয়ালে পাব বিদ্যুৎ। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্যৰ ৩.৫০লাখ পৰিয়ালৰ ঘৰলৈ বিদ্যুৎ সংযোগ হোৱা নাই। অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত এই সকলো পৰিয়ালে লাভ কৰিব বিদ্যুৎ।
ৰাজ্যৰ শক্তি খণ্ডৰ বাবে ৮হাজাৰ কোটি টকা কেন্দ্ৰই অনুমোদন কৰা বুলি সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ৩বছৰৰ পিছত ২৪ঘণ্টাই বিদ্যুত ৰাজ্যবাসীয়ে লাভ কৰিব বুলি সদৰি কৰে। অহা ৩বছৰৰ ভিতৰত ৰাজ্যৰ ২০লাখ পৰিয়ালৰ ঘৰত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।