শ্বেৰমান আলী জীয়াই থকালৈকে বাঘবৰ সমষ্টিত উচ্ছেদ নচলে সমষ্টিবাসীক এই আশ্বাস দিলে বিধায়কগৰাকীয়ে। এক অনুষ্ঠানত শ্বেৰমান আলীয়ে কয়, ‘যেতিয়ালৈ মই জীয়াই আছো, আপোনালোকে শান্তিত টোপনি মাৰক। ন’ এভিকশ্য… ন’ এভিকশ্যন ইন বাঘবৰ এলএচি। কোনো ভয় নকৰিব, মই আছো ন, আপোনালোকে ভোট দিছেতো মোক। মই আছো। মই আগতি মৰিম, তাৰ পিছত আপোনালোকৰ কিবা ক্ষতি হ’ব। মই জীয়াই থাকোতে কোনো ক্ষতি হ’ব নিদিওঁ। আপোনালোকে নিশ্চিন্ত থাকক।’’
শ্বেৰমান আলীয়ে আৰু কয়, ‘‘যিসকলে এই খবৰবোৰ নি দিছপুৰত দিয়ে, বিভিন্ন ঠাইত দিয়ে, তেওঁলোকক মই আকৌ এবাৰ কৈছো– আপোনালোকে এইবোৰ নকৰিব। আমি একেলগে ভাই–ককাই হিচাপে ইমানদিন আছো, অনাগত দিনতো থাকিম। বিজেপি মাত্ৰ ৫ বছৰহে থাকিব, তাৰ পিছত অসমত বিজেপি কেতিয়াও নাথাকে।’’