অসম ৰাজ্যিক নিৰ্বাচনী আয়োগৰ বিশেষ সিদ্ধান্তত এইবাৰ পৌৰ সভাৰ নিৰ্বাচনত ব্যৱহাৰ হ’ব ই ভি এম মেছিন। শুক্ৰবাৰে এক নিদৰ্শনাৰ জৰিয়তে ৰাজ্যত আগন্তুক পৌৰ সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বেলট পেপাৰৰ বিপৰীতে ই ভি এম মেছিনৰ জৰিয়তে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে ৰাজ্যত পৌৰ সভাৰ নিৰ্বাচনৰ নিদিষ্ট দিন ধাৰ্য কৰা নাই যদিও আৰম্ভ কৰি দিছে নিৰ্বাচনৰ কুচকাৱাজ। শুক্ৰবাৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰে জাৰি কৰা SEC,50/2021/151 নং নিৰ্দেশনা মৰ্মে ৰাজ্যৰ ৮১ খন পৌৰ সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ই ভি এম মেছিনৰ জৰিয়তে সম্পন্ন হ’ব বুলি উল্লেখ কৰিছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত আগন্তুক পৌৰ সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বেলট পেপাৰৰ বিপৰীতে ই ভি এম মেছিনৰ জৰিয়তে হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকতো এই সিদ্ধান্ত গৃহীত হৈছিল। উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে ৰাজ্যত পৌৰ সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হ’ব ই ভি এম মেছিনৰ জৰিয়তে।