পিতৃৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ অনিচ্ছুক কন্যাই তেওঁৰ শিক্ষা বা বিবাহৰ বাবে পিতৃৰ ধনৰ অধিকাৰী নহ’ব বুলি ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷ অলপতে এক ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় যে, পিতৃৰ সৈতে কোনো সম্পৰ্ক বজাই ৰাখিবলৈ আগ্ৰহী নোহোৱা যুৱতী এগৰাকীয়ে তেওঁৰ শিক্ষা বা বিবাহৰ বাবে পিতৃৰ আৰ্জিত ধনৰ অধিকাৰী হ’ব নোৱাৰিব।
ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশৰ বিচাৰপীঠে এটা গোচৰৰ ৰায়ত কয় যে, সংশ্লিষ্ট গোচৰটোত এগৰাকী ২০ বছৰীয়া যুৱতীয়ে দেউতাকৰ সৈতে কোনো সম্পৰ্ক বজাই ৰাখিব বিচৰা নাছিল৷ সংবাদ সংস্থা IANSৰ উদ্ধৃতি অনুসৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়, শিক্ষা আৰু বিবাহৰ বাবে জীয়েকৰ ব্যয়ৰ ক্ষেত্ৰত পিতৃৰ দৃষ্টিভংগীৰ পৰা দেখা গৈছে যে জীয়েকে আপীলকাৰী পিতৃৰ সৈতে কোনো সম্পৰ্ক বজাই ৰাখিব নিবিচাৰে আৰু যিহেতু যুৱতীগৰাকী নিজৰ পথ বাছনি কৰাৰ অধিকাৰী সেয়েহে তেওঁ শিক্ষাৰ দিশত আপীলকাৰীৰ পৰা দাবী কৰিব নোৱাৰে। সেয়েহে, আমি ধৰি লৈছোঁ যে জীয়েক কোনো পৰিমাণৰ অধিকাৰী নহয়৷
উচ্চতম ন্যায়ালয়ে লগতে কয় যে, যদি মাতৃয়ে জীয়েকক সমৰ্থন কৰিব বিচাৰে তেন্তে পুঁজি উপলব্ধ। লক্ষণীয়ভাৱে, স্বামীয়ে দাম্পত্য অধিকাৰ পুনৰুদ্ধাৰৰ আৱেদন খাৰিজ কৰাৰ পাছত বিবাহ ভংগ কৰিবলৈ জিলা ন্যায়াধীশৰ ওচৰত এখন আবেদন দাখিল কৰিছিল। জিলা ন্যায়াধীশে উচ্চ ন্যায়ালয়ৰ সন্মুখত পত্নীয়ে প্ৰত্যাহ্বান জনোৱা আবেদনৰ অনুমতি দিছিল। উচ্চ ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ আদেশ বাতিল কৰাৰ পাছত স্বামীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।