গুৱাহাটীৰ জালুকবাৰীস্থিত অমৰ শক্তি কমাৰ্চ আৰু ইণ্ডাষ্ট্রিজ লিমিটেড আৰু মুম্বাইৰ ফৰচুন ইণ্টিগ্রেটেড এছেছ্ ফাইনেন্স লিমিটেডে চূড়ান্ত নিষ্পত্তিকৰণ চুক্তিত ৩ ফেব্ৰুৱাৰীত স্বাক্ষৰ কৰে। এই সন্দৰ্ভত অমৰ শক্তিৰ (ইক’ফাইনেন্স) পৰিচালন সঞ্চালক কুমাৰ গৌৰৱে অৱগত কৰে যে দুয়োটা নন বেংকিং প্ৰতিষ্ঠান চমুকৈ এন বি এফ চিয়ে অসমত তেওঁলোকৰ ল’ন প’ৰ্টফলিঅ’পৃথকীকৰণ কৰিছে য’ত অমৰ শক্তিয়ে (ইক’ ফাইনেন্স) ২৬৬৫ টা ল’ন প’ৰ্টফলিঅ’ৰ আৰু ফৰচুনে ৩৯২৬ টা ল’ন প’ৰ্টফলিঅ’ৰ মালিকীস্বত্ব লাভ কৰিছে। কুমাৰ গৌৰৱে আৰু দোহাৰে যে দুয়োটা কোম্পানীয়ে এতিয়া উন্নত ফল প্ৰদৰ্শন কৰি বিকাশৰ দিশত অগ্ৰসৰ হ’ব পাৰিব। উল্লেখযোগ্য যে, ইক’ফাইনেন্সে ই-ৰিক্সা আৰু ট্ৰেক্টৰ প’ৰ্ট ফলিঅ’ত তেওঁলোকৰ ফাইনেন্স প্রদান প্রক্রিয়া বাহাল ৰাখিব।