অৱশেষত আৰক্ষীয়ে আটক কৰিলে বজৰং দলৰ দুজন কৰ্মীক। দলটোৰ আটকাধীন কৰ্মীকেইজন মঙলদৈৰ বিজয় ঘোচ আৰু ওদালগুৰিৰ ডিমাকুছিৰ গোপাল বড়ো। বিজয় ঘোষক নিজা বাসগৃহৰ পৰাই আটক কৰিছে আৰক্ষীয়ে। ইপিনে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত দেখি বৰ্তমান পলাতক অৱস্থাত আছে বজৰং দলৰে জড়িত বাকী সদস্য।
উল্লেখ্য দলটোৰ অসম প্ৰদেশ সমিতিয়ে মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত মুকলি ভাবে বিগত ২৭ জুলাইৰ পৰা ৪ দিনীয়াকৈ তৰোৱাল, ধনু-কাড়, পিষ্টল আদিৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছিল। কোনো ধৰণৰ অনুমতি নোহোৱাকৈ অস্ত্ৰৰ প্ৰশিক্ষণ আয়োজন কৰাৰ বাবে দলটোক সমালোচনা কৰাৰ সমান্তৰালভাবে সদস্যসকলক গ্ৰেপ্তাৰৰ দাবী কৰিছিল সচেতন মহলে। ইয়াৰ পাছতে অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশনাত দৰং আৰক্ষীয়ে বিদ্যালয়খনৰ অধ্যক্ষসহ দুজনক গ্ৰেপ্তাৰ কৰিছিল। যোগ প্রশিক্ষণ শিবিৰৰ নামত মঙলদৈৰ মহৰ্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ পৰা বজৰং দলে লৈছিল অনুমতি। আৰু অনুমতি প্ৰদান কৰাৰ অপৰাধতেই গ্ৰেপ্তাৰ কৰা হয় অধ্যক্ষজনক।