পৌৰসভা নিৰ্বাচনক লৈ লামডিঙ উত্তপ্ত হৈ পৰিছে। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত লামডিং থানাত এজেহাৰ দাখিল সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। লামডিং পৌৰসভাৰ নিৰ্বাচনক লৈ বিজেপি কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে বোকা চটিওৱা ৰাজনীতি। মনোনয়পত্ৰ দাখিল কৰাৰ পিছতে লামডিঙত কংগ্ৰেছী প্ৰাৰ্থীৰ খবৰ ল’বলৈ উপস্থিত হয় নগাওঁ সাংসদ প্ৰদুৎ বৰদলৈ।
সাংসদগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, বিজেপিৰ একাংশ মাফিয়াই লামডিঙত গুণ্ডাৰাজ চলাইছে আৰু গুণ্ডাবাহিনীয়ে কংগ্ৰেছ প্ৰৰ্থীৰ ঘৰে ঘৰে এতিয়া ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলিছে৷ বিশেষকৈ ১৩ নম্বৰ ৱাৰ্ড আৰু ১১ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীক ভাবুকি প্ৰদান কৰাৰ বিপৰীতে ইতিমধ্যে ১১ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপশী দেয়ে বিজেপিত যোগদান কৰিছে।
আনহাতে পৌৰসভাত উপস্থিত থকা লামডিঙ সম-সমণ্ডলৰ সম্পাদক অনিমেশ মিশ্ৰই সাংসদগৰাকীক প্ৰত্যুত্তৰ দি কয় যে, গুণ্ডাবাহিনী বুলিলে কংগ্ৰেছক বুজাই, কংগ্ৰেছৰ দিনতেই গুণ্ডাগিৰি মাফিয়াৰাজ চলিছিল বাবেই ৰাইজেই বিপুল ভোট প্ৰদান কৰি বিজেপিক জয় কৰিছে। অভিযোগ কৰিলেই নহ’ব প্ৰমান দিব লাগিব, কাৰন অভিযোগ আমিও দিব পাৰো যে ৰাজ্যত অবৈধ কয়লা প্ৰদ্যুৎ বৰদলৈ চত্ৰছায়াত চলিছিল।