অখিল গগৈয়ে ক্ষমা বিচাৰিছে তেওঁৰ বিতৰ্কিত মন্তব্যৰ বাবে। অখিল গগৈয়ে সোমবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মাজতে NDAৰ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূক গছৰ মূঢ়াৰ লগত তুলনা কৰি তেওঁক প্ৰকৃত আদিৱাসী নহয় বুলিও মন্তব্য কৰিছিল। অখিল গগৈয়ে কৰা মন্তব্যৰ পিছতে ৰাজ্যৰ আদিবাসী সম্প্ৰদায়ৰ বিধায়ক তথা নেতাসকলে গগৈক উভতি ধৰিছিল আৰু চাহ বাগিছা অঞ্চলত তেওঁক নিষিদ্ধ কৰছিল।
উক্ত ঘটনাৰ পিছতে অখিল গগৈয়ে মঙ্গলবাৰে দ্ৰৌপদী মুৰ্মূ সন্দৰ্ভত ব্যৱহাৰ কৰা বিতৰ্কিত শব্দ কেইটা উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত গগৈয়ে ক্ষমা বিচাৰি কয় যে, ‘ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সময়ত মই কোৱা কেইটামান বাক্য আৰু শব্দই আদিবাসী, চাহ জনগোষ্ঠীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মই আজি সেই বাক্য আৰু শব্দকেইটা উঠাই লৈছো। আনহাতে মই দ্ৰৌপদী মুৰ্মূৰ কথা উল্লেখ নকৰাকৈ কাঠৰ মুঢ়া বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলো। সেই শব্দটোৱেও দুখ দিয়া দেখা গৈছে। সেই শব্দটোও মই উঠাই লৈছো। যিসকল লোকে এই শব্দটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মই সকলোৰে ওচৰত আজি ক্ষমা বিচাৰিছো।’