মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে, এতিয়াৰে পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলে লাভ নকৰিব চৰকাৰী ঘৰ আৰু নিৰপত্তাৰক্ষী।
অৱশ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব আৰু তেওঁলোক দুয়োজনে উল্লিখিত সুবিধা লাভ কৰিব। এই নতুন নিয়ম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাহে আৰম্ভ হ’ব।
ৰাজ্য চৰকাৰে যোৱা ১ জানুৱাৰীৰ কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। লগতে এইটোও সিদ্ধান্ত লৈছিল যে এছকোৰ্ট আৰু পাইলটক বাদ দি মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহন গুৱাহাটীত ৬খন আৰু গুৱাহাটীৰ বাহিৰত ১২ খন হ’ব।