কিছুদিন পূৰ্বে সকলোকে স্তম্ভিত কৰি কংগ্ৰেছৰ সকলো পদ ত্যাগ কৰাৰ লগতে দলো ত্যাগ কৰিছিল গুজৰাটৰ যুৱ নেতা হাৰ্দিক পেটেলে। ইয়াৰ পাছতেই স্বাভাৱিকতেই নেতাগৰাকীক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল।
একাংশৰ মনত প্ৰশ্ন উত্থাপন হৈছিল যে নেতা গৰাকীয়ে বিজেপি বা আপত যোগদান কৰিব। কিন্তু জনপ্ৰিয় নেতাগৰাকীয়ে এই সন্দৰ্ভত সকলো বিতৰ্কৰ পৰা বিৰত আছিল আৰু কোনো মতামত দিয়া নাছিল। জানিব পৰা মতে ২ জুনত হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰিব বুলি বিজেপিৰ সূত্ৰৰ ফালৰ পৰা জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে হাৰ্দিক পেটেলে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।