প্রাক্তন মন্ত্রী ডাঃ অৰ্ধেন্দু কুমাৰ দে’ই নিশা ১.৩০ মান বজাত GMCHত শেষনিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰী গৰাকী। আজি হোজাইলৈ লৈ যোৱা হ’ব তেওঁৰ মৃতদেহ।
১৯৯১ চনত প্রথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল প্ৰাক্তন মন্ত্ৰী গৰাকী। ১৯৯১ চনৰ পৰা ২০২১ চনলৈ কংগ্ৰেছ দলৰ নেতা আছিল দে’। ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ হোজাইৰ বিধায়ক আছিল। ২০১১ চনৰ পৰা ২০১৬ লৈ পুনৰ হোজাইৰ বিধায়ক নিৰ্বাচিত হৈছিল। তৰুণ গগৈ চৰকাৰৰ দিনত মন্ত্ৰী আছিল অৰ্ধেন্দু দে’। ২০২১ত বিজেপিত যোগ দিছিল প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেই । ১৯৬৩ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা MBBSৰ ডিগ্রী লাভ কৰা দে যোগান আৰু জলসিঞ্চন বিভাগৰো মন্ত্রী আছিল ।