সৰুপথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালাৰ মৃত্যু। জি এম চি এইছত মৃত্যু হয় প্ৰাক্তন বিধায়গৰাকীৰ।
অসুস্থ বিনোদ গোৱালা জি এম চি এইছত চিকিৎসাধীন হৈ আছিল। যোৱা ৩০ মাৰ্চৰ পৰা জি এম চি এইছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী। আজি দুপৰীয়া ১২:৪০ বজাত মৃত্যু হয় বিনোদ গোৱালাৰ।
উল্লেখ্য যে, বিগত প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰয়াত বিনোদ গোৱালা। জ্যেষ্ঠ অগপ নেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাইছিল।