সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ সোমবাৰে নিশা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
১৯৯৬ চনত অসম গণ পৰিষদৰ সমৰ্থিক প্ৰাৰ্থী হিচাপে অসম বিধানসভালৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা আনোৱাৰ হুছেইন লস্কৰে ইয়াৰ পৰৱৰ্তী সময়ত ২০০১ চনৰ নিৰ্বাচনতো দলটোৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত অৱশ্যে তেওঁ অসম গণ পৰিষদ ত্যগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰিছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ।