- গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক ডালিম ৰায়ৰ দেহাৱসান৷
- ধুবুৰীৰ হালাকুৰাৰ ঘৰিয়াল ডাংঙাত থকা নিজ বাসগৃহত সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে৷
- দীৰ্ঘ দিন ধৰি শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল প্ৰাক্তন বিধায়কগৰাকী৷
- ১৯৮৫ চনৰ বিধান সভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ পৰা ২৫ নম্বৰ গোলকগঞ্জ বিধান সভা সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ডালিম ৰায়।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।