নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ মৃত্যু। প্ৰাক্তন বিধায়ক মদন কলিতাই শুকুৰবাৰে নিশা ষ্ট্ৰোকত আক্ৰান্ত হৈ আকস্মিক মৃত্যুক সাৱটি লয়। কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত নলবাৰী সমষ্টিৰ লগতে কংগ্ৰেছত শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন বিধায়গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।
উল্লেখ্য, বিধায়কগৰাকীয়ে ২০০১ চনত নলবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে জয় লাভ কৰিছিল। ২০০১ চনৰ পৰা ২০০৬ চনলৈ নলবাৰী সমষ্টিৰ কংগ্ৰেছী বিধায়ক আছিল তেওঁ৷ সুদীৰ্ঘ ৩৩ বছৰৰ মুৰত নলবাৰী সমষ্টিক কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল মদন কলিতাই৷ ২০০৬ ৰ নিৰ্বাচনত অগপৰ অলকা শৰ্মাৰ হাতত পৰাজিত হয় ৷ ২০১১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ উক্ত নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নলবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হৈছিল৷ পৰৱৰ্তী সময়ত তেওঁ অগপ দলত যোগদান কৰিছিল৷