ক’ৰোনাই গ্ৰাস কৰিছে সমগ্ৰ বিশ্ব। নতুন নতুন ভেৰিয়েন্টে চিকিসা বিজ্ঞানীকে বিভ্ৰান্ত কৰি তুলিছে। দ্ৰুতগতিত বাঢ়িছে সংক্ৰমণ। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াও আক্ৰান্ত হৈছে ক’ৰোনাত। জনতা দল চেকুলাৰৰো সভাপতি এইচ ডি দেৱগৌড়া। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে সদৰি কৰিছে এই তথ্য। বৰ্তমান দেহত ক’ৰোনাৰ একো লক্ষণ নাই যদিও হোম কোৱাৰেন্টাইন হৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকৰ দলে।