অৱশেষত নদীবান্ধৰ বিৰুদ্ধে তৎপৰ হবলৈ বাধ্য হল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। নদীবান্ধৰ বাবেই নগাঁৱত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “নদীবান্ধে মানুহৰ উপকাৰতকৈ বেছি অপকাৰহে কৰিছে। নদীবান্ধসমূহে হঠাতে পানী এৰি দিয়াৰ ফলতে অসমৰ বিভিন্ন ঠাইৰ লগতে মধ্য অসমত জলপ্ৰলয়ৰ সৃষ্টি কৰিছে। চৰকাৰে এইক্ষেত্ৰত নদীবান্ধ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”
আনহাতে বানপানীত এইবাৰ মধ্য অসমত ৰাইজৰ ব্যাপক ক্ষয়-ক্ষতি কৰাৰ কথা উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়, “মই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি অসমৰ বাবে অন্তত ৪-৫ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰিবলৈ চেষ্টা কৰক।” কলং-কপিলীৰ বানে নগাঁৱৰ মীনপালকৰ ব্যাপক ক্ষয়-ক্ষতি কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, “নগাঁৱৰ মীন পালকৰ বিলাই নাইকীয়া হৈছে। সকলো মীন পালকৰ লোকচান হৈছে। মোৰ নিজৰ কৃষিপামখনো বানত বুৰ গ’ল। জীৱনত এনে ভ.ংকৰ জলপ্ৰলয় দেখা নাছিলো।”