ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড (BPCL)ৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়া ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে। BPCLৰ লগতে কেন্দ্ৰীয় চৰকাৰে দেশৰ চাৰিটা ৰাষ্ট্ৰীয়কৃত বংকো বেচৰকাৰীকৰণৰ সিদ্ধান্ত লৈছে। অৱশ্যে এতিয়াও কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিক ভাৱে বেচৰকাৰীকৰণৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰা নাই। নৰেন্দ্ৰ মোদী চৰকাৰে পূৰ্বে ৰাষ্ট্ৰীয়কৃত বেংকত ব্যক্তিগত বিনিয়োগৰ পথ প্ৰশস্ত কৰিবলৈ বেংকিং নিয়ন্ত্ৰণ আইন সংশোধন কৰিছিল। প্ৰকাশিত বাতৰি অনুসৰি সংসদৰ আগন্তুক বৰ্ষাকালীন অধিবেশনতে এখন বিধেয়ক গৃহীত কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিগত বছৰত কৈছিল যে, কেন্দ্ৰই কিছুমান ৰাষ্ট্ৰীয়কৃত বেংকৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। শেহতীয়া খবৰ অনুসৰি দেশৰ চাৰিটা মধ্যমীয়া পৰ্যায়ৰ বেংকৰ বেচৰকাৰীকৰণ কৰিব বিচাৰিছে মোদী চৰকাৰে। বেচৰকাৰীকৰণ কৰিবৰ বাবে প্ৰাথমিক তালিকাত স্থান লাভ কৰা বেংককেইটা হৈছে বেংক অৱ মহাৰাষ্ট্ৰ, বেংক অৱ ইণ্ডিয়া, ইণ্ডিয়ান অভাৰচীজ বেংক আৰু চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া। অৱশ্যে নীতি আয়োগে আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি ইণ্ডিয়ান অভাৰচীজ বেংক আৰু চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ সৰহসংখ্যক শ্বেয়াৰ বিক্ৰী কৰা হ’ব। মোদী চৰকাৰে নীতি আয়োগৰ এই প্ৰস্তাৱ স্বীকাৰ কৰিব পাৰে।