অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নতি সাধন বুলি দাবী কৰি অহাৰ সময়তে আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটীৰ পৌৰ এলেকাৰ ১ নং ৱাৰ্ডৰ গুৰুত্বপূৰ্ণ গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়খন তিনি সপ্তাহৰো অধিক দিন ধৰি চিকিৎসক অবিহনে চলি থকা ঘটনাই স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। প্ৰাপ্ত খবৰ মতে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়খনৰ একমাত্ৰ চিকিৎসক ডাঃ আশীষ শৰ্মাৰ পদোন্নতি হোৱাত বিভাগীয় নিৰ্দেশনা অনুসৰি ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত তেওঁ দৰং জিলাৰ চিৰাজুলি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নতুন পদত গৈ যোগদান কৰে।
বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষই তেওঁৰ বিপৰীতে কোনো চিকিৎসকক নিযুক্তি নিদিয়াত বিগত তিনি সপ্তাহৰো অধিক দিন ধৰি চিকিৎসক অবিহনে চলি আছে চিকিৎসালয়খন। ফলত ১ নং ৱাৰ্ডৰ উপৰিও গাতে লগা ২ নং ৱাৰ্ডৰো এক বৃহত্তৰ অঞ্চলৰ ৰাইজ স্বাস্থ্যসেৱা লাভ কৰাৰ পৰা বঞ্চিত হব লগা হৈছে। লক্ষণীয়ভাবে চিকিৎসক নোহোৱাত আন স্বাস্থ্যকর্মী সকলে হামিয়াই হেকেতিয়াই সময় পাৰ কৰিবলগীয়া হৈছে। যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে স্বাস্থ্য বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক শীঘ্ৰে চিকিৎসক নিযুক্তি দিয়াৰ লগতে এইক্ষেত্ৰত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ হস্তক্ষেপ কামনা কৰিছে।