আজিৰ পৰিবেশ পৰিস্থিতিত বৰ্ণ প্ৰথা তথা জাত পাতৰ ব্যৱস্থা সম্পূৰ্ণ অপ্ৰাসংগিক আৰু এইবোৰ সমূলঞ্চে ত্যাগ কৰিব লাগে বুলি কয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ। নাগপুৰৰ এক গ্ৰন্থ উন্মোচন অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাগৱতে নিজৰ ভাষণত এই মন্তব্য আগবঢ়ায়। তেওঁ কয় সামাজিক সমতা ভাৰতীয় পৰম্পৰাৰ অবিচ্ছেদ্য অংগ কিন্তু সমাজে এই কথা পাহৰি পেলালে যাৰ ফলত নেতিবাচক পৰিণত দেখা পোৱা গ’ল।
আৰম্ভণিতে বৰ্ণ প্ৰথা আৰু জাত পাতৰ উদ্দেশ্য সমাজত বৈষম্যৰ সৃষ্টি কৰিবলৈ নাছিল বুলি মন্তব্য কৰি মোহন ভাগৱতে কয় – কিন্তু বৰ্তমানৰ পৰিবেশ পৰিস্থিতি অতীত পাহৰি যোৱা আৰু এই প্ৰথা সমূহ পৰিত্যাগ কৰাই শ্ৰেয়। তেওঁ লগতে কয় যি ব্যৱস্থাই বৈষম্যৰ জন্ম দিয়ে তেনে ব্যৱস্থা আঁতৰিব লাগে।