শুকুৰবাৰে ৯ বছৰৰ অন্তত অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ২০২২ ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভোটদান প্ৰক্ৰিয়া শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে । পুৱাৰে পৰা গুৱাহাটীৰ ভোটদান কেন্দ্ৰসমূহত ভোটাৰসকলে ভিৰ কৰা পৰিলক্ষিত গৈছে ।
গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তিনিটা ৱাৰ্ডত তিনিগৰাকী বি জে পি প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে । ভোটদান প্ৰক্ৰিয়া বিয়লি ৪.৩০ বজাত অন্ত পৰিব
উল্লেখ যে, পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণত এইবেলি পোন প্ৰথমবাৰৰ বাবে ই ভি এমৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকীকৈ প্ৰিজাইডিং বিষয়াৰ লগতে তিনিগৰাকীকৈ প’লিং বিষয়া নিয়োজিত কৰা হৈছে । নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে পৌৰ নিগম এলেকাৰ ৮ টা জ’ন আৰু ৭৬ টা ছেক্টৰত একোগৰাকীকৈ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে । তেনেদৰে ৮০ টা ভোটদান কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হৈছে।
এইবাৰৰ নিৰ্বাচনত মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । গুৱাহাটী পৌৰ নিগমৰ ৫৭ টা ৱাৰ্ডত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । ২৪ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰতেই ভোটগণনা কৰাৰ লগতে একেদিনাই ফলাফল ঘোষণা কৰা হ’ব ।