গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ মানচিত্ৰ সম্প্ৰতি কোনো সালসলনি কৰা হোৱা নাই বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্পষ্ট কৰিছে। পৌৰ নিগমৰ আগন্তুক নিৰ্বাচনত নিগমৰ ৱাৰ্ডসমূহৰ সংশোধিত মানচিত্ৰই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি একাংশ প্ৰচাৰ মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত জিলা প্ৰশাসনে স্পষ্ট কৰি দিব বিচাৰিছে যে কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন কৰ্তৃপক্ষই নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত গুৱাহাটী পৌৰ নিগম (GMC)বা ৱাৰ্ডৰ কোনো পৰিৱৰ্তিত মানচিত্ৰ প্ৰকাশ কৰা নাই। গুৱাহাটী পৌৰ নিগমৰ পুনৰ সীমা নিৰ্ধাৰণৰ সময়ছোৱাত ভোটাৰ ৰাইজৰ সৈতে যোগাযোগ ৰক্ষা কৰি স্বাভাৱিক প্ৰক্ৰিয়াৰে পুৰণি ৱাৰ্ড এলেকা আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ সলনি ঘটোৱা হৈছিল। যোৱা ২৪ জানুৱাৰী, ২০২২ তাৰিখৰ চৰকাৰী অধিসূচনা নং- জি.চি.এল/০২/২০২২/১৫৩ যোগে প্ৰকাশ কৰা গুৱাহাটী পৌৰ নিগমৰ মানচিত্ৰ অনুসৰি ভোটাৰ তালিকা আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহ প্ৰস্তুত কৰা হৈছিল আৰু এইক্ষেত্ৰত জনসাধাৰণৰ কিবা ওজৰ-আপত্তি থাকিলে তাক ১১ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰ ভিতৰত লিখিত ৰূপত দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছিল।
একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা ধৰণে উক্ত মানচিত্ৰ সলনিৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু সমাগত পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত এই ধৰণৰ বাতৰিয়ে ভোটাৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব। এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৌৰ নিগম এলেকাৰ ভোটাৰ ৰাইজক এনেধৰণৰ বিভ্ৰান্তিকৰ বাতৰিৰ প্ৰতি গুৰুত্ব নিদি চৰকাৰে প্ৰকাশ কৰা মানচিত্ৰ তথা ভোটাৰ তালিকা অনুসৰি আগন্তুক নিৰ্বাচনত ভোটদান কৰিবলৈ আহ্বান জনাইছে। জানুৱাৰী, ২০২২ তাৰিখৰ চৰকাৰী অধিসূচনা নং- জি.চি.এল/০২/২০২২/১৫৩ যোগে প্ৰকাশ কৰা GMCৰ মানচিত্ৰ অনুসৰি ভোটাৰ তালিকা আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহ প্ৰস্তুত কৰা হৈছিল আৰু এইক্ষেত্ৰত জনসাধাৰণৰ কিবা ওজৰ-আপত্তি থাকিলে তাক ১১ ফেব্ৰুৱাৰী, ২০২২ পৰা ১৮ ফেব্ৰুৱাৰী ২০২২ ৰ ভিতৰত লিখিত ৰূপত দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছিল।