নিবনুৱা যুৱক–যুৱতীসকললৈ সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ চলিত ফেব্রুৱাৰী মাহতে পুনৰ ৪০ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্রকাশ পাব৷ গোলাঘাটত অলপতে মুখ্যমন্ত্রী শর্মাই এই ঘোষণা কৰে৷ উল্লেখ্য যে, চৰকাৰে ৰাজ্যখনৰ এক লাখ শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰিত সংস্থাপন কৰাৰ বাবে ইতিমধ্যে কার্য ব্যৱস্থা গ্রহণ কৰিছে৷
মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয় যে, এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ ক্ষেত্রত ইতিমধ্যে প্রায় ৫০ হাজাৰ পদত নিয়োগ প্রক্রিয়া আৰম্ভ হৈছে৷ চলিত ফেব্রুৱাৰী মাহত আৰু ৪০ হাজাৰৰ পৰা ৩০ হাজাৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ পাব।