ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আৱেদন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে লিখিত পৰীক্ষাৰ তাৰিখ। ৰাজ্য চৰকাৰে কেইবাটাও বিভাগৰ বাবে মুকলি কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা সমূহ আগষ্ট মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। বৈঠকত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে বিভিন্ন বিষয়ৰ লগতে পৰীক্ষা সন্দৰ্ভত আলোচনা কৰে। এই বৈঠকতে চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ তাৰিখ ৭ আগষ্ট নিৰ্ধাৰণ কৰা হৈছে। আনহাতে তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ বাবে ২১ আগষ্ট নিৰ্ধাৰণ কৰা হৈছ। অৱশ্যে তৃতীয় শ্ৰেণীৰ অন্তৰ্গত চালকৰ নিযুক্তিৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হোৱা নাই। নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মই প্ৰতিগৰাকী আবেদনকাৰীক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে সমগ্ৰ প্ৰক্ৰিয়াটো অতি স্বচ্ছ পদ্ধতিৰে সম্পন্ন কৰাটো নিশ্চিত কৰিব।
উল্লেখ্য যে তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে মুঠ ৬,৭১,৮০৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা ৪,৪৩,৬৫৫ গৰাকী।