ৰাজ্য চৰকাৰৰ লক্ষ্য বিভিন্ন বিভাগত নিবনুৱাসকলক ১ লাখ চাকৰি প্রদান কৰা। চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে পুনৰ লৈ আহিছে এক সুখবৰ। ২০২৩ বৰ্ষৰ জানুৱাৰি মাহত ১০ হাজাৰ পদৰ বাবে পুনৰ বিজ্ঞাপন দিয়া হ’ব। ১৫ জানুৱাৰিৰ ভিতৰত এই ১০ হাজাৰ পদৰ বিজ্ঞাপন ওলাব বুলি শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।
এই ১০ হাজাৰ পদৰ বাবে নতুনকৈ ফৰেষ্ট বেটেলিয়নকে ধৰি কেইবাটাও বিভাগ গঠন কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ পাণ্ডু-কামাখ্যা পথ পৰিদৰ্শন কৰিবলৈ গৈ ইতিমধ্যে ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ ৮০ হাজাৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলি উল্লেখ কৰাৰ লগতে ২০ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াও অহা তিনি-চাৰিমাহৰ ভিতৰত শেষ হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।