ভাৰতীয় সেনাত যোগদান কৰিব বিচৰা যুৱতী সকলৰ বাবে আছে সু-খবৰ। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা অগ্নিপথ আঁচনিৰ জৰিয়তে মহিলা অগ্নিবীৰৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে।
অহা ৭ চেপ্টেম্বৰ ২০২২ ৰেজিষ্ট্ৰেশ্যনৰ অন্তিম দিন। সামৰিক আৰক্ষীৰ জোনেল পদৰ বাবে যোৱা ৯ আগষ্টৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে আৰু ৭ তাৰিখলৈকে এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া বাহাল থাকিব। এই মহিলা অগ্নিবীৰ পদৰ বাবে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া এনেধৰণৰ – প্ৰথমে ইণ্ডিয়ান আৰ্মীৰ অফিচিয়েল ৱেবচাইট https://www.joinindianarmy.nic.inত যাব লাগিব। পেজটো খোল খোৱাৰ পাছত তাত থকা কাৰ্যখিনি পূৰাব লাগিব।
সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত ১২আৰু ১৩ অক্টোবৰৰ ভিতৰত এডমিট কাৰ্ড লাভ কৰিব পৰীক্ষাৰ্থীয়ে। ইয়াৰ উপৰিও আবেদনকাৰী সকলে মেট্ৰিক পৰীক্ষাত ৪৫ শতাংশ নম্বৰ লাভ কৰা সকলেহে ইণ্ডিয়ান আৰ্মীৰ মহিলা অগ্নিবীৰ পদৰ বাবে আবেদন কৰিব পাৰিব। ১৭ বছৰৰ পৰা ২৩ বছৰৰ যুৱতীয়ে এই আবেদন কৰিব পাৰিব। লগতে ফিজিকেল টেষ্টত ১৬০০ মিটাৰ দৌৰ ৪ মিনিটত শেষ কৰিব পাৰিব লাগিব।