৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ লগতে বিটিচিত উপ নিৰ্বাচন। এই উপলক্ষে ৮ জুনত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। প্ৰশাসনে জাৰি কৰা জাননী অনুসৰি উক্ত দিনত কাৰ্বি আংলং আৰু বিটিচিৰ অন্তৰ্গত ২২ নং ককলাবাৰী সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত বন্ধ ঘোষণা কৰা হৈছে।
সাধাৰণ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনা মতে উক্ত দিনা অঞ্চল কেইটাৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান তথা বেংক, চাহ বাগিছা, আৰু উদ্যোগিক আদিকে কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।