দেশৰ উচ্চতম ন্যায়ালয়ত ক’ভিড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াত মৃত্যু হোৱা লোকৰ দ্বায়িত্ব কেন্দ্ৰীয় চৰকাৰে নলয় বুলি এক শপতনামাত জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ এই শপতনামাই প্ৰতিষেধক লোৱা কোটি কোটি জনতাক চৰম শংকালৈ ঠেলি দিছে। কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বকে জোকাৰি যোৱাৰ সময়তেই পৃথিৱীৰ বিভিন্ন দেশত প্ৰতিষেধক নিৰ্মাণৰ বাবে চলিছিল গৱেষণা। যাৰ ফলত ভাৰততো বিজ্ঞানীসকলে ক’ভিডৰ প্ৰতিষেধক তৈয়াৰ কৰিবলৈ সফল হৈছিল।
ইয়াৰ পাছতেই ভাৰত চৰকাৰে আৰম্ভ কৰিছিল ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযান। এই অভিযানৰ অধীনত ভাৰত চৰকাৰে সমগ্ৰ ৰাষ্ট্ৰত বিনামূলীয়া প্ৰতিষেধক যোগান ধৰিছিল। কিন্তু এই প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াত দেশৰ বিভিন্ন প্ৰান্তত বহু কেইজন লোকৰ মৃত্যু হোৱা বুলি গোচৰ উত্থাপন হোৱাৰ পিছত এক গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ কৈফিয়ৎ তলব কৰিছিল ।
অলপতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দাখিল কৰা শপতনামাত প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াত মৃত্যু হোৱা লোকৰ দ্বায়িত্ব চৰকাৰে গ্ৰহণ নকৰে বুলি জনাইছে উচ্চতম ন্যায়ালয়ক।