অসম মাধ্যমিক স্বাস্থ্যসেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প সম্পৰ্কত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মাধ্যমিক স্বাস্থ্যসেৱাৰ জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ উপস্থিতত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জি এম চি এইচ আৰু প্ৰস্তাৱিত কৰ্মচাৰী স্বাস্থ্য নিশ্চিতি আঁচনিৰ বিষয়েও পৰ্যালোচনা কৰা হয়।
বৈঠকত কৰ্কট ৰোগ, মধুমেহ, কাৰ্ডিওভাস্কুলাৰ ৰোগ, ষ্ট্ৰোক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জি এম চি এইচত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয় আৰু ব্যৱহাৰ পৰিকল্পনাত অনুমোদন জনোৱা হয়।
এই বৈঠকতে সকলো চৰকাৰী কৰ্মচাৰীৰ চিকিৎসা বিল দাখিলৰ বাবে পৰ্টেল আধাৰিত জমা প্ৰৱৰ্তন কৰিবলৈ কোৱা হৈছে। আনহাতে অটল অমৃত অভিযান চ’চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত এখন এজনীয়া ব’ৰ্ড গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ব’ৰ্ডে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হোৱা ৰোগীৰ মাচুল পৰিমাণ মুকলি তথা প্ৰমাণীকৰণ আৰু অন্যান্য প্ৰক্ৰিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ বাবে এটা প’ৰ্টেল তৈয়াৰ কৰিবলৈ উপযুক্ত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।