আজি খানাপাৰত অনুষ্ঠিত হৈ যায় ৰাজ্য চৰকাৰৰ মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৩ হাজাৰ শিক্ষিত যুৱক-যুৱতীৰ হাতত তুলি দিলে চৰকাৰী চাকৰিৰ নিযুক্তিপত্ৰ। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। জুলাই মাহৰ ১৫ তাৰিখৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সেইদৰে জুলাই মাহৰে শেষৰ সপ্তাহত অনুষ্ঠিত হ’ব ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা।
We are on a mission to transform Assam into a top performing state and we shall count on your support to serve people with sincerity & dedication.
We shall soon recruit another batch of 7,000-8,000 youth, while written exam for 26,000 posts will be held in last week of July. pic.twitter.com/qpnN7fjaAU
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 14, 2022
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘বঞ্চিত হলেই আদালতলৈ যোৱাৰ প্ৰৱণতা পৰিহাৰ কৰা উচিত। চৰকাৰৰ এবছৰীয়া কাৰ্যকালত ২৮ হাজাৰ চাকৰি দিলো। পুলিচ কনিষ্টবল চাকৰি পোৱা সকলে দুখীয়া মানুহৰ ওপৰত লাঠি নচলাব। পুলিচৰ পোচাকত জেপ কাটোতা নহ’ব। আৰক্ষী বিষয়াই কলেও কোনেও পইচা সংগ্ৰহ নকৰিব। অপৰাধ আৰু অপৰাধীক দেখিলে কঠোৰ হ’ব লাগিব।’