অসম আৰক্ষীৰ ৬৬৬২ টা কনিষ্টবল (AB/UB), ৮১৩ টা APRO কনিষ্টবল, ৭৮৮ টা FESৰ ৭৮৮ টা, DGCD, CGHGৰ ৭৫৪ টা, AISF বেটেলিয়নৰ ১৫৪ টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। একেদৰে টেট উত্তীৰ্ণৰো চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে।
এই সকলো বাছনি ভুক্তকে ৰাজ্য চৰকাৰে ১৪ মে’ত নিযুক্তি পত্ৰ বিতৰণ কৰিব। উল্লেখ্যে যে, কেইদিন মানৰ পূৰ্বে ২৩ হাজাৰ যুৱক-যুৱতীক এদিনতে নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰি পূৰ্বে ঘোষণা কৰাৰ দৰেই ১৪ মে’ত সকলোকে নিযুক্তি পত্ৰ বিতৰণ কৰিব।
ইয়াৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰীয়ে এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। ১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ’বলগীয়া নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত অনুষ্ঠিত কৰা হয় এই পৰ্যালোচনা সভা।