ক’ভিডত আক্ৰান্ত হৈছে অসমৰ ৰাজ্যপাল জগদীশ মুখী। বুধবাৰে ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত জগদীশ মুখী বৰ্তমান গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। ৰাজ্যপালগৰাকীৰ পত্নীৰো ক’ভিড টেষ্ট কৰা হয় আৰু তেওঁৰ ক’ভিড ৰিপ’ৰ্ট নিগেটিভ আহিছে আৰু তেওঁ বৰ্তমান ৰাজ ভৱনতে আছে। উল্লেখ্য যে অসমত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। কামৰূপ মহানগৰত সৰ্বাধিক ১১৩৮ গৰাকী লোক আক্ৰান্ত হৈছে। বুধবাৰৰ দিনটোত ৰাজ্যত ৩২৭৪ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে চাৰিগৰাকীৰ মৃত্যু হৈছিল।