বিহু পাতিবলৈ চৰকাৰে দিব টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা। এক সংবাদমেলযোগে তেওঁ কয়- বিহুৰ নামত যদি কোনোয়ে চান্দা নোতোলে তাৰ বাবে ৰাজ্যচৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি বহাগৰ প্ৰথম ৭টা দিনৰ ভিতৰত বিহু অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে আয়োজকসকলক দিব ডেৰ লাখকৈ টকা। অৱশ্যে এই বিহু ১০বছৰৰ পুৰণি হব লাগিব। এইবাৰ বহাগ বিহু সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চান্দা কোনেও যাতে বিহুৰ নামত নুঠায় তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে৷’’
কোভিডত জুৰুলা হোৱা ব্যৱসায়ীসকলক চান্দা নুখুজিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ এইবাৰ বিহু সকলোৱে পাতিব পাৰিব৷ কাৰফিউ নাথাকিব৷
নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীয়ে কয়, এপ্ৰিল মাহত নিৰ্বাচন আহি আছে৷ নিৰ্বাচন আয়োগে পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচন কৰিব। কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷
মুখ্যমন্ত্ৰীয়ে কয়, প্ৰতি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ সকলো বিভাগৰ কাৰ্যালয় সংযুক্ত হ’ব৷ একেলগে একেটা চৌহদতে থাকিব সকলো বিভাগ৷ ষ্টেডিয়াম নিৰ্মাণ হ’ব৷ পানী যোগান প্ৰকল্প থাকিব৷ সকলো জিলাৰ সদৰত এহাজাৰ মানুহ বহিব পৰা অডিটৰিয়াম নিৰ্মাণ হ’ব৷ সৰু সৰু চহৰত পাঁচশ মানুহ মানুহ বহিব পৰা অডিটৰিয়াম নিৰ্মাণ কৰা হ’ব৷ চহৰৰ মাজৰ পৰা জে’লসমূহ স্থানান্তৰিত কৰা হ’ব৷ মিউনিচিপালটীৰ কী অফিচাৰ সকলক State Level Cadre কৰা হ’ব৷