মুকলি বাহনত কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক লৈ খানাপাৰা ফিল্ডলৈ আহিল প্ৰধানমন্ত্ৰীগৰাকী। জনসমুদ্ৰত পৰিণত হোৱা খেল পথাৰখনৰ চৌদিশে মোডী মোডী ধ্বনি।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমীয়াতে আৰম্ভ কৰিলে নিজৰ ভাষণ। প্ৰধানমন্ত্ৰীয়ে দেশক বিশ্বৰ তৃতীয় বৃহৎ শক্তি হিচাপে গঢ়াৰ অংগীকাৰ গ্ৰহণ কৰি কয় যে, ২০৪৭ ৰ ভিতৰত ভাৰতক শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ সংকল্প তেওঁ গ্ৰহণ কৰিছে। ভাৰতৰ এই বিকাশত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰো ভূমিকা অনন্য বুলি উল্লেখ কৰে। অসমৰ এনে বিকাশৰ বাবে তেওঁ অসমবাসীক অভিনন্দন জনায়।
তেওঁ দেশৰ ২ কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলাৰ লক্ষ্যক বৃদ্ধি কৰি ৩ কোটিলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ জৰিয়তে অসমৰ মহিলাও লাখপতি হোৱাৰ কথা উল্লেখ। বাজেটত কেন্দ্ৰীয় চৰকাৰে ১ কোটি লোকক ছ’লাৰ পদ্ধতিৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰয়োজনীয় বিজুলী উৎপাদন কৰাৰ লগতে অতিৰিক্ত বিজুলী বিক্ৰীও কৰিব পাৰিব বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় বাজেটৰ কথা উল্লেখ কৰি কয়, সাধাৰণ জনতাৰ জীৱন উন্নতিকৰণৰ বাবে কেন্দ্ৰীয় বাজেটত ১২ লাখ কোটি আন্তঃগাঁথনি উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ। তেওঁ কয়, ১০ বছৰত কংগ্ৰেছ চৰকাৰে ব্যয় কৰিছিল ১২ লাখ কোটি টকা। কিন্তু এইবাৰ চৰকাৰে এবছৰতে নিৰ্মাণ কাৰ্যত ব্যয় কৰিব ১২ লাখ কোটি টকা। ফলত নতুন সংস্থাপন আৰু উদ্য়োগীক বিকাশ পাব বুলিও কয়।
অসমলৈ দলীয় কামত অহাৰ সময়ত বন্ধ, প্ৰতিবাদৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি এতিয়া সেই পৰিৱেশ নাই বুলিও তেওঁ উল্লেখ কৰে। এতিয়া অসমত বোমা বিস্ফোৰণ নহয়। অসমৰ ৬০০০ যুৱকে অস্ত্ৰ ত্যাগ কৰাৰ কথা উল্লেখ। এনে পৰিস্থিতিত অসম পূৰ্বৰ তুলনাত শান্তিৰে বাস কৰিব পাৰিছে বুলিও কয় তেওঁ।
বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ মুঠ ১০ টা স্থানৰ সীমা বিবাদ দূৰ হোৱাৰ কথাও তেওঁঁ ভাযণ প্ৰসংগত উল্লেখ কৰে।
২০১৪ ৰ পিছত অসমৰ বিকাশ ৪০০ শতাংশ বৃদ্ধি পাইছে বুলি উল্লেখ। ২০১৪ ৰ পাছত অসমত ১৯০০ কিলোমিটাৰ ৰেল পথ হৈছে। ২০১৪ ৰ পূৰ্বে অসমত আছিল ১০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ। ২০১৪ ৰ পিছত ৬ হাজাৰ কিলোমিটাৰ অধিক বৃদ্ধি পালে। অসম, উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে বিজেপি চৰকাৰে ইয়াৰ পৰ্যটনৰ ওপৰত গুৰুত্ব দিছে। যোৱা ১০ বছৰত ইয়ালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। পূৰ্বেই পৰ্যটক আহিছিল যদিও সন্ত্ৰাসবাদ সমস্যাৰ বাবে আজিৰ দৰে পৰ্যটক অহা নাছিল। এতিয়া শান্তি প্ৰতিষ্ঠা হোৱাত পৰ্যটকৰ আগমণ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।