আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। ভোটগণনাৰ বাবে স্থানীয় প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে আৰু ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰা হৈছে আৰু সন্ধিয়ালৈ দেশে সম্পূৰ্ণ ফলাফল লাভ কৰিব।
এগজিট প’লৰ অনুমানত কোৱা হৈছে যে বিজেপিয়ে এইবাৰ গুজৰাটত বৃহৎ বিজয় সাব্যস্ত কৰিব। বিজেপিয়ে সৰ্বশক্তিৰে যুঁজ দিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্বাচনী প্ৰচাৰ চলাইছিল। স্থানীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিজেপি নেতাসকলৰ সৈতে কন্দ্ৰীয় মন্ত্ৰী আৰু সংগঠনৰ কেইবাগৰাকীও নেতাই গুজৰাটত প্ৰচাৰ চলাইছিল।
বিজেপিয়ে গুজৰাটত বিগত ৬টা বিধানসভা নিৰ্বাচনত ধাৰাবাহিক ভাৱে বিজয়ী হৈ আহিছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন দখল কৰিছিল, কংগ্ৰেছে পাইছিল ৭৭খন আসন। শতাংশৰ হিচাপত চাবলৈ গ’লে উক্ত নিৰ্বাচনত বিজেপিয়ে ৪৯.০৫ শতাংশ ভোট লাভ কৰিছিল, কংগ্ৰেছে লাভ কৰিছিল ৪২.৯৭ শতাংশ।