গুজৰাট বিধানসভা নিৰ্বাচনক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বাত বিতণ্ডা অব্যাহত থকাৰ মাজতে কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ত সমাজকৰ্মী মেধা পাটকাৰে অংশগ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে।
উল্লেখ্য যে, দুদিন পূৰ্বে ভাৰত জোড়ো যাত্ৰা মহাৰাষ্ট্ৰৰ ৱাছিমত ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল আৰু মেধা পাটেকাৰো ইয়াত জড়িত আছিল।
এই সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি কয় যে , “কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে বাৰে বাৰে গুজৰাট আৰু গুজৰাটীসকলৰ প্ৰতি তেওঁলোকৰ শত্ৰুতা প্ৰদৰ্শন কৰিছে। মেধা পাটকাৰক তেওঁৰ ভাৰত জোড়ো যাত্ৰাত মুখ্য স্থান প্ৰদান কৰি ৰাহুল গান্ধীয়ে দেখুৱাইছে যে তেওঁ সেই সকলৰ লগত জড়িত আছে যিয়ে কেইবা দশক ধৰি গুজৰাটক পানীৰ পৰা বঞ্চিত কৰিছিল। গুজৰাটে ইয়াক সহ্য নকৰিব।”
উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে চলি আছে ভাৰত জোড়ো যাত্ৰা।