ৰাজ্যৰ আৰক্ষীলৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত এই জাননী। ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন পি আই এল। ৰাজ্যিক আৰু ৰাষ্ট্রীয় মানৱাধিকাৰ আয়োগলৈও জাননী উচ্চ ন্যায়ালয়ৰ। আটাইকেইটা পক্ষকে শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।
উল্লেখ্য যে, ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰসমূহ ভুৱা বুলি অভিযোগ কৰিছিল আবেদনকাৰীয়ে আৰু এই সন্দৰ্ভত চৰকাৰৰ পৰা শপতনামা বিচাৰিছিল উচ্চ ন্যায়ালয়ে।