তীব্ৰ পানীৰ সংকটত গুৱাহাটী। জাইকাৰ পানী যোগান বন্ধ হৈ থকাৰ মাজতে এতিয়া গুৱাহাটীত পানী যোগান ধৰি অহা টেম্প’ চালকসকলেও আৰম্ভ কৰিছে প্ৰতিবাদ। এই প্ৰতিবাদকাৰী পানী যোগান ধৰা টেম্প’ চালকসকলে আগন্তক ৩ দিনলৈ পানী যোগান নধৰাৰ হুংকাৰ দিছে। পৰিস্থিতি সাপেক্ষে অনিৰ্দিষ্ট কাললৈ পানী যোগান বন্ধ কৰিব এই পানী যোগানকাৰীসকলে। পানী যোগানকাৰী টেম্প’চালকসকলৰ অভিযোগ প্ৰশাসন তথা পৰিবহণ বিভাগে তেওঁলোকৰ ওপৰত ধাৰাবাহিক ভাৱে চলাইছে আতিশায্য।
একোখনকৈ পানী যোগান ধৰা টেম্প’ৰ ওপৰত জাৰি কৰিছে ৮০ ৰ পৰা ৯০ হাজাৰ টকালৈকে জৰিমণা। প্ৰতিবাদ সাব্যস্ত কৰা টেম্প’ চালকসকলে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছতে এতিয়া গুৱাহাটীত পানী যোগান ধৰাৰ পৰিৱেশ নোহোৱা হৈছে।
গুৱাহাটীৰ প্ৰায় প্ৰতিটো স্থানতে ট্ৰেফিক আৰক্ষী, জিলা পৰিবহণ বিষয়া আদিয়ে বাহন ৰাখি বিভিন্ন অজুহাত দেখুৱাই জৰিমণা বিহি আহিছে। উল্লেখ্য, গুৱাহাটীত হাজাৰ হাজাৰ টেম্প’ত কেৱল চিনটেক্স বহুৱাই পানী যোগান ধৰি আহিছে। কিন্তু এতিয়া হঠাৎ পৰিবহণ বিভাগে ৰাজপথত ৰৈ এই টেম্প’বোৰ ৰখাই টেম্প’চালকৰ পৰা পানী যোগান ধৰাৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ বিচাৰিছে। চিনটেক্সৰ পৰিৱৰ্তে বিচাৰিছে টেংকাৰৰ অনুজ্ঞাপত্ৰ। ইয়াৰ বাবে আগতীয়াকৈ জাৰি কৰা নাই কোনো জাননী। পানী যোগানকাৰীসকলক এই বিষয়ে পূৰ্বে একো অৱগত নকৰাকৈ এইদৰে হঠাৎ তেওঁলোকক জৰিমণা বিহাৰ উপৰিও তেওঁলোকৰ টেম্পৎসমূহ ৰাজপথৰ পৰা জব্দ কৰিছে।নোহোৱাকৈ, আগতীয়া একো জাননী জাৰি নকৰাকৈ হঠাৎ ৯০ হাজাৰ পৰ্যন্ত জৰিমণা বিহা হৈছে।
গুৱাহাটী মহানগৰত পানী যোগান ধৰি অহা এই টেম্প চালকসকলৰ এই প্ৰতিবাদে এতিয়া গুৱাহাটীত যে আৰু অধিক পানীৰ সমস্যাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত।