গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন আজি ঘোষণা কৰা হয়। ১৯ এপ্ৰিলত ভোটদান অনুষ্ঠিত হব আৰু ২১ এপ্ৰিলত ভোটগণনা কৰা হ’ব। পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ চলিব ভোটগ্ৰহণ পক্ৰিয়া। এইবাৰ এই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ইভিএম ব্যৱহাৰ কৰা হ’ব।
মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩০ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৪ এপ্ৰিল ঘোষণা কৰা হৈছে। মহিলাৰ বাবে সংৰক্ষিত হ’ব ৫০ শতাংশ আসন। ৬০ টা ৱাৰ্ডৰ বাবে মুঠ ৭৮৯ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৭,৯৬,৮২৯ গৰাকী ভোটাৰে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে, এগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰত সৰ্বাধিক ২.৫০ লাখ টকাহে ব্যয় কৰিব পাৰিব বুলি ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে ।